Latest

District at a Glance

  •  Division: Central Assam
  •  Headquarter: Nagaon
  •  Sub-Divisions: 2
  •  Revenue Circles: 7
  •  Development Blocks: 13
  •  Geographical Area: 2287 sq. km
  •  Population: 1892550
  •  Literacy: 71%
  •  Revenue Villages: 960

District Commissioner

Dc

Devasish Sharma , IAS

District Commissioner

Events

New
dc

Nagaon to Kaziranga

নগাঁও জিলা প্ৰশাসনৰ অন্তৰ্গত জিলা পথ সুৰক্ষা সমিতিৰ উদ্যোগত, আৰু Motorhead United MC Assam-ৰ সহযোগিতাত, লগতে Nagaon IMFL Retailer Association-ৰ সমৰ্থনত, ইং ৩ আগষ্ট ২০২৫ তাৰিখে, আয়োজন হয় এক  " পথ সুৰক্ষা সজাগতামূলক বাইক ৰেলী ”। 
জিলা আয়ুক্ত কাৰ্য্যালয়ৰ প্ৰাংগনত শুভাৰম্ভ হোৱা উক্ত বাইক ৰেলীটি নগাঁও চহৰ হৈ — জখলাবন্ধা — বাগৰি পৰ্যন্ত গৈ, পুনৰ নগাঁও চহৰত সমাপ্ত হয় । 
তীব্ৰগতি পৰিহাৰ কৰি দূৰ্ঘটনা এৰাই চলাকে আদি কৰি বিভিন্ন পথ সুৰক্ষা সন্দৰ্ভত সচেতনতা সৃষ্টি কৰাৰ উদ্দেশ্যৰে আয়োজিত এই কাৰ্যসূচীত অসম চৰকাৰৰ ৰাজহ আৰু দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণ বিভাগৰ সন্মানীয় মন্ত্ৰী শ্ৰী কেশৱ মহন্ত, নগাঁও বটদ্ৰৱাৰ বিধানসভা সমষ্টিৰ সন্মানীয় বিধায়ক শ্ৰী ৰূপক শৰ্মা, জিলা আয়ুক্ত, শ্ৰীযুত দেৱাশীষ শৰ্মা, ভাঃপ্ৰঃসেঃ, জিলা আৰক্ষী অধীক্ষক শ্ৰী স্বপ্ননীল ডেকা, অঃআঃসেঃ অতিৰিক্ত জিলা আয়ুক্ত ক্ৰমে শ্ৰীমতী মনোৰমা মৰাং অঃঅঃসেঃ,শ্ৰী সুদীপ নাথ, অঃঅঃসেঃ, শ্ৰীমতী দেবাহুতি বৰা,অঃঅঃসেঃ প্ৰমুখ্যে জিলা পথ সুৰক্ষা সমিতিৰ বিষয়াসকল, বিভিন্ন বিভাগৰ মূৰব্বী বিষয়াসকল,আৰক্ষী আৰু পৰিবহন বিভাগৰ বিষয়াসকল, Motorhead United MC Assam আৰু Nagaon IMFL Retailer Association ৰাইডাৰ সকলে অংশগ্ৰহণ কৰে। 
পথ সুৰক্ষা সজাগতামূলক বাইক ৰেলী কাৰ্যসূচীৰ সৈতে সংগতি ৰাখি জখলাবন্ধা বাছ আস্থানত স্থানীয় বাসিন্দা তথা অঞ্চলৰ লোকসকলক যাতায়তৰ নিয়মাৱলী, দুৰ্ঘটনা প্ৰতিৰোধ আদি বিষয়ে সজাগ সৃষ্টিৰ উদ্দেশ্যৰে এখন সজাগতামূলক সভাৰ আয়োজন কৰা হয়। 
পৰৱৰ্তী সময়ত, কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ বাগৰি, বুঢ়াপাহাৰ আৰু ঘোৰাকাটি ৰেঞ্জৰ বনকৰ্মীসকলক বন্যপ্ৰাণী সুৰক্ষাৰ কাৰ্য্যত সহায় কৰিবলৈ ফিল্টাৰ, টৰ্চ, লাইফ জেকেট আদি আৱশ্যকীয় সামগ্ৰী বিতৰণ কৰা হয়।  
ইয়াৰোপৰি, দুৰ্ঘটনা প্ৰৱণ অঞ্চল কুঠৰী তিনিআলিতো এক সজাগতামূলক সভা অনুষ্ঠিত কৰি পথৰ সুৰক্ষা, গতি নিয়ন্ত্ৰণ, আৰু সতৰ্কতা অৱলম্বনৰ ওপৰত গুৰুত্ব দিয়া হয়। এই কাৰ্যসূচীবোৰৰ জৰিয়তে সমাজৰ বিভিন্ন স্তৰৰ লোকৰ মাজত পথ সুৰক্ষাৰ প্ৰতি সচেতনতা  গঢ়ি তুলিবলৈ যত্ন কৰা হয়।

New
DC

Nagaon

কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাদেৱৰ পূণ্যতিথি উপলক্ষ্যে সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ উদ্যোগত আৰু নগাঁও জিলা প্ৰশাসনৰ সহযোগত ইং ২০ জুন ২০২৫ তাৰিখে, বিষ্ণু ৰাভা দিৱসটি পালন কৰা হয়। এই উপলক্ষে পুৱা ৬-০০ বজাৰ পৰা ৭-০০ বজালৈ  নগাঁও জিলা তথ্য আৰু জনসংযোগ বিভাগৰ স্থিৰ অনুভাষ যন্ত্ৰৰ যোগেদি পুৱা ৰাভা দেৱৰ কালজয়ী গীত সমূহ নগৰ অঞ্চলত সম্প্ৰচাৰ কৰা হয় । 

ইয়াৰ পিছতেই কলাগুৰু জনাৰ মহান সৃষ্টিৰাজিক  জনসাধাৰণৰ মাজত বহুল প্ৰচাৰ আৰু সজাগতা সৃষ্টিৰ উদ্দেশ্যৰে অসম চৰকাৰৰ নিৰ্দেশমৰ্মে, জিলাখনৰ প্ৰতিটো বিধানসভা সমষ্টিলৈ একোখনকৈ ভ্ৰাম্যমাণ বাহনৰ ফ্লেগঅফ কৰে জিলা আয়ুক্ত, শ্ৰীযুত দেৱাশীষ শৰ্মা, ভাঃপ্ৰঃসেঃ ডাঙৰীয়াই ।

নগাঁও আৰ্বত ভৱনৰ সমীপৰ মুকলি মঞ্চত আয়োজিত অনুষ্ঠানৰ আৰম্ভণিতেই নলবাৰীৰ গৰ্ডন খেলপথাৰত অনুষ্ঠিত বিষ্ণু ৰাভা দিৱসৰ কেন্দ্ৰীয় কাৰ্যসূচীত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই দিয়া ভাষণৰ পোনপটীয়া সম্প্ৰচাৰ কৰা হয়। জাতীয় সংগীতৰে আৰম্ভ হোৱা এই অনুষ্ঠানত জিলা আয়ুক্ত, শ্ৰী দেৱাশীষ শৰ্মা, ভাঃপ্ৰঃসেঃ, নগাঁও পৌৰ-সভা ৰ সভানেত্ৰী অম্বিকা মজুমদাৰ,  জিলা উন্নয়ন আয়ুক্ত শ্ৰীমতী দেবযানি চৌধুৰী,অঃঅঃসেঃ কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাৰ প্ৰতিমূৰ্তিত শ্ৰদ্ধা নিবেদন কৰি বন্তি প্ৰজ্বলন আৰু পুষ্পাঞ্জলি অৰ্পণ কৰে। 

উল্লেখিত অনুষ্ঠানত সন্মানীয় অতিথি হিচাপে নগাঁও-বটদ্ৰবা বিধানসভা সমষ্টিৰ সন্মানীয়  বিধায়ক শ্ৰী ৰূপক শৰ্মা ডাঙৰীয়া আৰু বিশিষ্ট অতিথি হিচাপে বিষ্ণুপ্ৰসাদ ৰাভা দেৱৰ কণিষ্ঠ পুত্ৰ শ্ৰী হেমৰাজ ৰাভা ডাঙৰীয়া উপস্থিত থাকে । জিলা আয়ুক্ত কাৰ্য্যালয়ৰ কৰ্মচাৰীবৃন্দই সমবেত সংগীত পৰিবেশন কৰাৰ পাছতেই আমন্ত্ৰিত অতিথি সকলক সম্বৰ্ধনা জনোৱা হয় । 

 এই ৰাভা দিৱসৰ অনুষ্ঠানত উদ্ধোধনী ভাষণ প্ৰদান কৰে জিলা আয়ুক্ত শ্ৰী দেৱাশীষ শৰ্মা, ভাঃপ্ৰঃসেঃ মহোদয়ে । নগাঁও সদৰ সমষ্টিৰ বিধায়ক শ্রী ৰূপক শৰ্মা ডাঙৰীয়াই আৰু পৰবৰ্তীকালত হেমৰাজ ৰাভাই তেখেতৰ বক্তব্যত বিষ্ণুপ্ৰসাদ ৰাভাৰ দেৱক সমাজ সংস্কাৰক হিচাপে উল্লেখ কৰি অসমীয়া জাতিৰ বাবে তেখেতে আগবঢ়োৱা অৱদান  শ্ৰদ্ধাৰে সোঁৱৰণ কৰে ।  ৰাভা দিৱসৰ এই অনুষ্ঠানটিত নগাঁও চৰকাৰী উচ্চতৰ মাধ্যমিক বালিকা বিদ্যালয়ৰ ছাত্ৰী সকলে এটি সাংস্কৃতিক অনুষ্ঠান পৰিবেশন কৰে।এই অনুষ্ঠানতেই ৰাভা দিৱসৰ লগত সংগতি ৰাখি আয়োজন কৰা ৰচনা প্ৰতিযোগিতাৰ বিজয়ী সকলক বঁটা প্ৰদান কৰা হয়। ইয়াৰ পিছতে অনুষ্ঠিত হোৱা সাংস্কৃতিক অনুষ্ঠানত বিখ্যাত বাঁহী বাদক প্ৰাঞ্জল বৰা আৰু সংগীত পৰিবেশন কৰে অসমৰ জনপ্ৰিয় কণ্ঠ শিল্পী শ্ৰী ৰূপম ভূঞাই ।

New
DC

Rupohi H.S School

সমাজৰ প্ৰতিটো শ্ৰেণীৰ মাজত সজাগতা সৃষ্টি কৰি জিলাখনক নিচামুক্ত জিলা হিচাপে গঢ়ি তোলাৰ লক্ষ্যৰে  সামাজিক ন্যায় আৰু সৱলীকৰণ বিভাগৰ নিচামুক্ত ভাৰত অভিযানৰ অধীনত নগাঁও জিলা প্ৰশাসনৰ উদ্যোগত  নগাঁও জিলা সমাজ কল্যাণ বিষয়াৰ কাৰ্য্যালয় আৰু গ্ৰাম বিকাশ পৰিষদৰ সৌজন্যত ইং ৩ জুলাই, ২০২৫ তাৰিখে, ৰূপহী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ চৌহদত আজি "নাগাৰা নাম"ৰ সজাগতামূলক এক অনুষ্ঠানৰ আয়োজন কৰা হয় । 

অসমৰ জাতীয় সংগীত পৰিবেশনেৰে আৰম্ভ হোৱা এই অনুষ্ঠানত নিচাযুক্ত সামগ্ৰী ড্ৰাগছ সেৱনে কেনেকৈ এখন ঘৰ ধ্বংস আৰু আমাৰ সমাজখনত বিৰূপ প্ৰভাৱ পেলায় তাৰ ওপৰত সজাগতা সৃষ্টিৰ উদ্দেশ্যেৰে ৰূপহী নটসৈনিক নাট্য দলে "বৰবিহ" শীৰ্ষক এখনি নাট প্ৰদৰ্শন কৰে। 

অনুষ্ঠানত জিলা আয়ুক্ত, শ্ৰী দেৱাশীষ শৰ্মা, ভাঃপ্ৰঃসেঃ, মহোদয়ে তেওঁৰ ভাষণত সকলোৱে সমন্বয়তাৰে আৰু একাগ্ৰতাৰে যিকোনো পৰিস্থিতি সমাধান কৰিব পাৰি তাক উল্লেখ কৰি কয় যে, আমি যদি দৃঢ় মনেৰে এই ড্ৰাগছ মহাব্যাধিৰ প্ৰসাৰতাৰ বিৰুদ্ধে আগবাঢ়ি আহোঁ তেন্তে তাক আমি  সহজেই নিয়ন্ত্ৰণ কৰিব পাৰিম। আয়ুক্ত গৰাকীয়ে জনপ্ৰিয় গীত " আমি হম, হমেই সফল" গীত পৰিবেশনেৰে এই ড্ৰাগছ সজাগতা সভাত উপস্থিত জনগণক একেলগ হৈ  সজাগ হবলৈ অনুপ্ৰাণিত কৰে । তেখেতে ৰূপহী অঞ্চলটোক সুন্দৰ ড্ৰাগছমুক্ত অঞ্চল হিচাপে গঢ়ি তোলাত সকলোৱে মিলি অগ্ৰণী ভূমিকা গ্ৰহণ কৰিবলৈ আহ্বান জনায়। অনুষ্ঠানত জিলা আৰক্ষী অধীক্ষক শ্ৰী স্বপ্ননীল ডেকা, অঃআঃসেঃ, কলিয়াবৰ সম জিলাৰ সম আৰক্ষী অধীক্ষক শ্রী বিতুল চেতিয়া, আৰু উপ সঞ্চালক দিশা (DISHA) শ্ৰী ইন্দ্ৰ কার্কীযে তেওঁলোকৰ ভাষণত ড্ৰাগছকে ধৰি নিচা জাতীয় ৰাগীয়াল বস্তু সেৱনে আমাৰ উঠি অহা যুৱ প্ৰজন্মক কিদৰে ধ্বংসৰ গৰাহলৈ লৈ গৈছে তাৰ ওপৰত সাৱলীল বক্তব্য আগবঢ়াই। 

অনুষ্ঠানৰ শেষত আমন্ত্ৰিত বিশিষ্ট শিল্পী কৰিশ্মা নাথে পৰিবেশন কৰা মহাপুৰুষ শ্ৰী মন্ত শংকৰদেৱৰ অপূৰ্ব সৃষ্টি হৰিনাম আৰু বৰকাঁহ ধ্বনিৰে অনুষ্ঠান মুখৰিত কৰি তোলে। অনুষ্ঠানত অতিৰিক্ত জিলা আয়ুক্ত শ্ৰীমতী দেবাহুতি বৰা,অঃঅঃসেঃ, অতিৰিক্ত আৰক্ষী অধীক্ষক, নগাঁও শ্ৰীমতী য়াংচেন ডুমা ভূটিয়া,ভাঃআঃসেঃ, জিলা যুটীয়া স্বাস্থ্য সেৱা সঞ্চালক ডাঃ তপন শইকীয়া, এইডছ কনট্ৰল চছাইটিৰ নডেল বিষয়া ডাঃ গুলজাৰ  হুছেইন, জিলা সমাজ কল্যান বিষয়া শ্ৰী ভোলানাথ পেগু, ৰূপহী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষ  শ্রী ভবেন কুমাৰ গায়নকে প্ৰমুখ্যে কৰি বিভিন্ন বিভাগৰ মূৰব্বী বিষয়াসকলৰ, মহিলা আৰু শিশু উন্নয়ন বিভাগৰ বিষয়া কৰ্মচাৰীসকল, জিলা মহিলা সৱলীকৰণ কেন্দ্ৰৰ বিষয়াসকল,বিদ্যালয় মহাবিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী সকল আৰু বহুসংখ্যক স্থানীয় ৰাইজ উপস্থিত থাকে।