Nagaon Celebrates Bishnu Rabha Divas 2025 with Cultural Tributes and Public Awareness Initiatives

  • কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাদেৱৰ পূণ্যতিথি উপলক্ষ্যে সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ উদ্যোগত আৰু নগাঁও জিলা প্ৰশাসনৰ সহযোগত ইং ২০ জুন ২০২৫ তাৰিখে, বিষ্ণু ৰাভা দিৱসটি পালন কৰা হয়। এই উপলক্ষে পুৱা ৬-০০ বজাৰ পৰা ৭-০০ বজালৈ  নগাঁও জিলা তথ্য আৰু জনসংযোগ বিভাগৰ স্থিৰ অনুভাষ যন্ত্ৰৰ যোগেদি পুৱা ৰাভা দেৱৰ কালজয়ী গীত সমূহ নগৰ অঞ্চলত সম্প্ৰচাৰ কৰা হয় ।  ইয়াৰ পিছতেই কলাগুৰু জনাৰ মহান সৃষ্টিৰাজিক  জনসাধাৰণৰ মাজত বহুল প্ৰচাৰ আৰু সজাগতা সৃষ্টিৰ উদ্দেশ্যৰে অসম চৰকাৰৰ নিৰ্দেশমৰ্মে, জিলাখনৰ প্ৰতিটো বিধানসভা সমষ্টিলৈ একোখনকৈ ভ্ৰাম্যমাণ বাহনৰ ফ্লেগঅফ কৰে জিলা আয়ুক্ত, শ্ৰীযুত দেৱাশীষ শৰ্মা, ভাঃপ্ৰঃসেঃ ডাঙৰীয়াই । নগাঁও আৰ্বত ভৱনৰ সমীপৰ মুকলি মঞ্চত আয়োজিত অনুষ্ঠানৰ আৰম্ভণিতেই নলবাৰীৰ গৰ্ডন খেলপথাৰত অনুষ্ঠিত বিষ্ণু ৰাভা দিৱসৰ কেন্দ্ৰীয় কাৰ্যসূচীত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই দিয়া ভাষণৰ পোনপটীয়া সম্প্ৰচাৰ কৰা হয়। জাতীয় সংগীতৰে আৰম্ভ হোৱা এই অনুষ্ঠানত জিলা আয়ুক্ত, শ্ৰী দেৱাশীষ শৰ্মা, ভাঃপ্ৰঃসেঃ, নগাঁও পৌৰ-সভা ৰ সভানেত্ৰী অম্বিকা মজুমদাৰ,  জিলা উন্নয়ন আয়ুক্ত শ্ৰীমতী দেবযানি চৌধুৰী,অঃঅঃসেঃ কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাৰ প্ৰতিমূৰ্তিত শ্ৰদ্ধা নিবেদন কৰি বন্তি প্ৰজ্বলন আৰু পুষ্পাঞ্জলি অৰ্পণ কৰে।  উল্লেখিত অনুষ্ঠানত সন্মানীয় অতিথি হিচাপে নগাঁও-বটদ্ৰবা বিধানসভা সমষ্টিৰ সন্মানীয়  বিধায়ক শ্ৰী ৰূপক শৰ্মা ডাঙৰীয়া আৰু বিশিষ্ট অতিথি হিচাপে বিষ্ণুপ্ৰসাদ ৰাভা দেৱৰ কণিষ্ঠ পুত্ৰ শ্ৰী হেমৰাজ ৰাভা ডাঙৰীয়া উপস্থিত থাকে । জিলা আয়ুক্ত কাৰ্য্যালয়ৰ কৰ্মচাৰীবৃন্দই সমবেত সংগীত পৰিবেশন কৰাৰ পাছতেই আমন্ত্ৰিত অতিথি সকলক সম্বৰ্ধনা জনোৱা হয় ।   এই ৰাভা দিৱসৰ অনুষ্ঠানত উদ্ধোধনী ভাষণ প্ৰদান কৰে জিলা আয়ুক্ত শ্ৰী দেৱাশীষ শৰ্মা, ভাঃপ্ৰঃসেঃ মহোদয়ে । নগাঁও সদৰ সমষ্টিৰ বিধায়ক শ্রী ৰূপক শৰ্মা ডাঙৰীয়াই আৰু পৰবৰ্তীকালত হেমৰাজ ৰাভাই তেখেতৰ বক্তব্যত বিষ্ণুপ্ৰসাদ ৰাভাৰ দেৱক সমাজ সংস্কাৰক হিচাপে উল্লেখ কৰি অসমীয়া জাতিৰ বাবে তেখেতে আগবঢ়োৱা অৱদান  শ্ৰদ্ধাৰে সোঁৱৰণ কৰে ।  ৰাভা দিৱসৰ এই অনুষ্ঠানটিত নগাঁও চৰকাৰী উচ্চতৰ মাধ্যমিক বালিকা বিদ্যালয়ৰ ছাত্ৰী সকলে এটি সাংস্কৃতিক অনুষ্ঠান পৰিবেশন কৰে।এই অনুষ্ঠানতেই ৰাভা দিৱসৰ লগত সংগতি ৰাখি আয়োজন কৰা ৰচনা প্ৰতিযোগিতাৰ বিজয়ী সকলক বঁটা প্ৰদান কৰা হয়। ইয়াৰ পিছতে অনুষ্ঠিত হোৱা সাংস্কৃতিক অনুষ্ঠানত বিখ্যাত বাঁহী বাদক প্ৰাঞ্জল বৰা আৰু সংগীত পৰিবেশন কৰে অসমৰ জনপ্ৰিয় কণ্ঠ শিল্পী শ্ৰী ৰূপম ভূঞাই ।