Independance Day 2022 Celebration at Nagaon

  • সমগ্র দেশৰ লগতে আজি নগাঁওৰ নুৰুল আমিন ষ্টেডিয়ামত দেশৰ ৭৬ সংখ্যক স্বাধীনতা দিৱস উদযাপন কৰা হয় । আজিৰ এই স্বাধীনতা দিৱসৰ কাৰ্যসূচীত ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰে অসম চৰকাৰৰ জলসম্পদ, তথ্য আৰু জনসংযোগ আদি বিভাগৰ মাননীয় মন্ত্ৰী পিয়ুষ হাজৰিকা দেৱে । পতাকা উত্তোলন কৰি  মন্ত্ৰী গৰাকীয়ে  আৰক্ষী, এন. চি. চি. আৰু বিভিন্ন বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী সকলৰ গাৰ্ড অব অ'নাৰ গ্ৰহণ কৰে  । ইয়াৰ পাছতেই তেখেতে জনসাধাৰণক উদ্দেশ্য কৰি দিয়া তেওঁৰ ভাষণত বৰ্তমানৰ চৰকাৰখনে জনসাধাৰণৰ বাবে গ্ৰহণ কৰা বিভিন্ন জনকল্যাণমূলক আঁচনি সমূহৰ বিষয়ে অৱগত কৰে। তেখেতে ৰাজ্যখনৰ নিবনুৱা যুৱক-যুৱতী সকলৰ কৰ্মসংস্থাপনৰ বাবে চৰকাৰে গ্ৰহণ কৰা আঁচনিৰ বিষয়ে উল্লেখ কৰে । লগতে তেখেতে আজাদি কা অমৃত মহোৎসৱৰ লগত সংগতি ৰাখি আয়োজন কৰা হৰ ঘৰ ত্ৰিৰংগা কায্যসূচীত নগাঁও জিলাৰ সক্ৰিয় অংশগ্ৰহণৰ বাবে জিলাবাসীক ধন্যবাদ জ্ঞাপন কৰে । ভাষণৰ অন্তত মন্ত্ৰী গৰাকীয়ে আৰক্ষী, এন.চি.চি, আৰু বিভিন্ন বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী সকলৰ কুচকাৱাজৰ অভিবাদন গ্ৰহণ কৰে । অনুষ্ঠানত  জিলাখনৰ মুক্তি যুঁজাৰু সকল তথা তেখেতসকলৰ পৰিয়ালবৰ্গক মন্ত্ৰী গৰাকীয়ে সম্বৰ্ধনা জনায় । অনুষ্ঠানত জিলাখনৰ বিভিন্ন বিভাগে প্ৰতিকপদ প্ৰদৰ্শন কৰে আৰু বহুকেইটা সংস্কৃতিক দলে দেশভক্তি মূলক গীত নৃত্য পৰিবেশন কৰে ।  অনুষ্ঠানৰ অন্তত কুচকাৱাজত শ্ৰেষ্ঠ প্ৰদৰ্শন কৰা দলক বঁটা প্ৰদান কৰা হয়। আজিৰ এই অনুষ্ঠানত নগাঁও লোকসভাৰ সংসদ প্ৰদ্যুত বৰদলৈ, নগাঁও সদৰ সমষ্টিৰ বিধায়ক ৰূপক শৰ্মা, বঢ়মপুৰ সমষ্টিৰ বিধায়ক জিতু গোস্বামী, ৰহা সমষ্টিৰ বিধায়ক শশী কান্ত দাস, প্ৰাক্তন ৰেল ৰাজ্যিক মন্ত্ৰী ৰাজেন গোহাঁই, জিলা উপায়ুক্ত নৰেন্দ্ৰ কুমাৰ শ্বাহ , জিলা আৰক্ষী অধীক্ষক লীনা দলেকে প্ৰমুখ্য কৰি জিলাখনৰ বিভিন্ন বিভাগৰ শীৰ্ষ বিষয়াসকল উপস্থিত থাকে ।