অৱলোকন

Last Updated on: December 17, 2021

অসম চৰকাৰৰ এটি গুৰুত্বপূৰ্ণ বিভাগ পশুপালন আৰু পশুচিকিৎসা বিভাগে প্ৰথমৰ পৰাই জিলাখনৰ গ্ৰাম্য, অৰ্দ্ধ-নগৰাঞ্চলৰ আৰ্থ-সামাজিক উন্নয়নত আৱশ্যকীয় ভূমিকা পালন কৰি আহিছে । নগাঁও জিলাত গাখীৰ, মাংস, কণী আদিৰ উৎপাদন বৃদ্ধি কৰাৰ যথেষ্ট সম্ভাবনা আছে । উক্ত পৰিকল্পনা অনুসৰি পশুপালন আৰু পশুচিকিৎসা বিভাগে অৰ্থনৈতিক পৰিবৰ্তনৰ দিশত জিলা খনত অবিৰতভাবে কাম কৰি আছে । প্ৰতিপাদন সেৱাৰ বাবে জিলাখনত প্ৰায় ৪৫ টা পশু চিকিৎসালয়ৰ লগতে ৬৩ টা উপ কেন্দ্ৰ আছে । ১৯ তম পশুধন লোকপিয়ল ২০১২, মতে গৰু, ম'হ, ছাগলী, ভেৰা,গাহৰি, আৰু হাঁহ-পাৰ আদিৰ মুঠ সংখ্যা ক্ৰমে ৭৭০৩০৫,১১০৯৩,৩৭৭৮৭০,১৪১৪১,৬৪২০৮ আৰু ১০,১৫,১৯৬ আছিল।