ৰহা সম-জিলাত একদিনীয়া শিশুবিবাহ প্ৰতিৰোধ অভিমুখীকৰণ আৰু প্ৰশিক্ষণ কাৰ্যসূচীৰ আয়োজন |

  • বাল্যবিবাহৰ বিৰুদ্ধে সজাগতা সৃষ্টিৰ লগতে সমাজৰ সকলো শ্ৰেণীৰ লোককে এই সামাজিক ব্যাধিৰ বিৰুদ্ধে সক্ৰিয়ভাৱে প্ৰশিক্ষণ প্ৰদান কৰাৰ উদ্দেশ্যেৰে ৰহা সম- জিলা প্রশাসন, জিলাৰ শিশু সুৰক্ষা গোট  আৰু ক'চি লোক মঞ্চৰ যুটীয়া উদ্যোগত ইং ২৫ জুলাই, ২০২৫ তাৰিখে ৰহা সম-জিলাৰ গাঁও পঞ্চায়তৰ সম্পাদক আৰু অন্যান্য অংশীদাৰসকলৰ বাবে "এদিনীয়া শিশুবিবাহ প্ৰতিৰোধ অভিমুখীকৰণ আৰু প্ৰশিক্ষণ কাৰ্যসূচী" আয়োজন কৰা হয়।  মহেন্দ্ৰনাথ হাজৰিকা স্মৃতি ভৱনৰ সভাকক্ষত আয়োজিত  উল্লেখিত প্রশিক্ষণ কাৰ্যসূচীত মুখ্য অতিথিৰূপে উপস্থিত থাকি জিলা আয়ুক্ত শ্ৰীযুত দেৱাশীষ শৰ্মা, ভাঃপ্ৰঃসেঃ মহোদয়ে তেওঁৰ ভাষণত কয় যে, বাল্যবিবাহ এক সামাজিক অভিশাপ। ই কেৱল শিশুৰ স্বাস্থ্য, শিক্ষা আৰু ভৱিষ্যতকেই ধ্বংস কৰে এনে নহয়, ই সমগ্ৰ জাতিৰ উন্নয়নৰ পথত এক ডাঙৰ প্ৰাচীৰ হৈ উঠে । আজিৰ শিশুৱেই হ’ব কাইলৈৰ দেশৰ ভৱিষ্যত। যদি আমি তেওঁলোকক সঠিক সুযোগ-সুবিধা, শিক্ষা আৰু সুৰক্ষা প্ৰদান কৰিব নোৱাৰোঁ, তেন্তে আমি এক অসুস্থ আৰু পিছপৰা সমাজহে গঢ়ি তুলিম।  বিশেষকৈ কন্যা শিশুৰ ক্ষেত্ৰত বাল্যবিবাহৰ পৰিণতি অতি ভয়াবহ। কম বয়সতে বিবাহপাশত আৱদ্ধ হোৱা ছোৱালী এজনীৰ শাৰীৰিক আৰু মানসিক বিকাশত বাধাগ্ৰস্ত হয়। তেওঁলোকৰ শিক্ষাৰ অধিকাৰ হৰণ হয়, মাতৃত্বৰ জটিলতা বৃদ্ধি পায়, আৰু জীৱনজোৰা দাৰিদ্ৰ্যৰ দৰিদ্ৰতাৰ লগত সংগ্ৰাম কৰিবলগীয়া হয় ।  আমি সকলোৱে এই সামাজিক ব্যাধিৰ বিৰুদ্ধে সজাগ হ’ব লাগিব। প্ৰশাসন, সমাজকৰ্মী, শিক্ষক, পিতৃ-মাতৃ আৰু বিশেষকৈ যুৱসমাজে একেলগে এই যুদ্ধত ভাগ ল’ব লাগিব। শিশুৰ অধিকাৰ ৰক্ষা কৰাটো কেৱল আইনী দায়িত্ব নহয়, আমাৰ নৈতিক কৰ্তব্য।  আমাৰ জিলাত শিশু সুৰক্ষা গোট, ক'চি লোক মঞ্চ আৰু স্থানীয় পঞ্চায়তসমূহে একত্ৰিত হৈ বাল্যবিবাহ ৰোধ কৰাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছে । তেওঁলোকৰ দ্বাৰা গাঁও পৰ্যায়ত সজাগতা সৃষ্টি, পিতৃ-মাতৃক সচেতন কৰা আৰু আইনী সহায় প্ৰদান কৰাটো অতি প্ৰয়োজনীয়।   এই প্ৰশিক্ষণে গাওঁ পঞ্চায়তৰ স্থানীয় ব্যক্তি, যুৱ সমাজ আৰু স্থানীয় লোকসকলক শিশুবিবাহৰ বিৰুদ্ধে সক্ৰিয়ভাৱে কাম কৰিবলৈ প্ৰেৰিত কৰিব। শিশুৰ সুৰক্ষা আৰু অধিকাৰ নিশ্চিত কৰি এখন উন্নত সমাজ গঢ়ি তুলিবলৈ আমি সকলোৱে আগবঢ়াৰ প্ৰয়োজন ।