DC Nagaon Inaugurates Community Nursery 2025-26 under RKVY for Flood-Affected Farmers at Dorongial

  • আমাৰ অসম ৰাজ্যখন এখন কৃষিপ্ৰধান ৰাজ্য । এই কৃষিপ্ৰধান ৰাজ্যখনৰ কৃষকসকলৰ উন্নতি আৰু  কল্যাণৰ হেতু বৰ্তমানৰ চৰকাৰখনে  সময়ে সময়ে বিভিন্ন আঁচনি আৰু ব্যৱস্থা গ্ৰহণ কৰি আহিছে ।   সেই পদক্ষেপসমূহৰ সমান্তৰালকৈ ইং ২ জুলাই, ২০২৫ তাৰিখে, জিলাখনৰ বানপানী প্ৰভাৱিত অঞ্চলৰ কৃষক সকললৈ সময়োপযোগী কৃষি সহায় আগবঢ়োৱাৰ উদ্দেশ্যেৰে জিলাখনৰ দৰংগিয়াল গাঁৱৰ ৮ হেক্টৰ ভূমিত অসম চৰকাৰ উদ্যোগত আৰু কৃষি বিভাগ, নগাঁৱৰ সহযোগত, মিলন আত্ম সহায়ক গোটৰ (ASG) জৰিয়তে ৰাষ্ট্ৰীয় কৃষি বিকাশ যোজনা (RKVY)-ৰ অধীনত, ২০২৫-২৬ বৰ্ষৰ বাবে এটি শালি ধানৰ কঠীয়াৰ সামূহিক নাৰ্চাৰী কাৰ্যসূচীৰ শুভ উদ্বোধন কৰে জিলা আয়ুক্ত, শ্ৰীযুত দেৱাশীষ শৰ্মা, ভাঃপ্ৰঃসেঃ মহোদয়ে ।  অনুষ্ঠানটিত অতিৰিক্ত জিলা আয়ুক্ত, শ্ৰীমতী মনোৰমা মৰাং, অঃঅঃসেঃ, জিলা কৃষি বিষয়া শ্ৰী নিখিল নাৰায়ণ বৰুৱা, কৃষি বিভাগৰ বিষয়া কৰ্মচাৰীকে প্ৰমুখ্য কৰি স্থানীয় কৃষকসকল উপস্থিত থাকে।