নগাঁও জিলা প্ৰশাসনৰ অন্তৰ্গত জিলা পথ সুৰক্ষা সমিতিৰ উদ্যোগত পথ সুৰক্ষা সম্পৰ্কত সজাগতামূলক বাইক ৰেলী ২০২৫

  • নগাঁও জিলা প্ৰশাসনৰ অন্তৰ্গত জিলা পথ সুৰক্ষা সমিতিৰ উদ্যোগত, আৰু Motorhead United MC Assam-ৰ সহযোগিতাত, লগতে Nagaon IMFL Retailer Association-ৰ সমৰ্থনত, ইং ৩ আগষ্ট ২০২৫ তাৰিখে, আয়োজন হয় এক  " পথ সুৰক্ষা সজাগতামূলক বাইক ৰেলী ”।  জিলা আয়ুক্ত কাৰ্য্যালয়ৰ প্ৰাংগনত শুভাৰম্ভ হোৱা উক্ত বাইক ৰেলীটি নগাঁও চহৰ হৈ — জখলাবন্ধা — বাগৰি পৰ্যন্ত গৈ, পুনৰ নগাঁও চহৰত সমাপ্ত হয় ।  তীব্ৰগতি পৰিহাৰ কৰি দূৰ্ঘটনা এৰাই চলাকে আদি কৰি বিভিন্ন পথ সুৰক্ষা সন্দৰ্ভত সচেতনতা সৃষ্টি কৰাৰ উদ্দেশ্যৰে আয়োজিত এই কাৰ্যসূচীত অসম চৰকাৰৰ ৰাজহ আৰু দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণ বিভাগৰ সন্মানীয় মন্ত্ৰী শ্ৰী কেশৱ মহন্ত, নগাঁও বটদ্ৰৱাৰ বিধানসভা সমষ্টিৰ সন্মানীয় বিধায়ক শ্ৰী ৰূপক শৰ্মা, জিলা আয়ুক্ত, শ্ৰীযুত দেৱাশীষ শৰ্মা, ভাঃপ্ৰঃসেঃ, জিলা আৰক্ষী অধীক্ষক শ্ৰী স্বপ্ননীল ডেকা, অঃআঃসেঃ অতিৰিক্ত জিলা আয়ুক্ত ক্ৰমে শ্ৰীমতী মনোৰমা মৰাং অঃঅঃসেঃ,শ্ৰী সুদীপ নাথ, অঃঅঃসেঃ, শ্ৰীমতী দেবাহুতি বৰা,অঃঅঃসেঃ প্ৰমুখ্যে জিলা পথ সুৰক্ষা সমিতিৰ বিষয়াসকল, বিভিন্ন বিভাগৰ মূৰব্বী বিষয়াসকল,আৰক্ষী আৰু পৰিবহন বিভাগৰ বিষয়াসকল, Motorhead United MC Assam আৰু Nagaon IMFL Retailer Association ৰাইডাৰ সকলে অংশগ্ৰহণ কৰে।  পথ সুৰক্ষা সজাগতামূলক বাইক ৰেলী কাৰ্যসূচীৰ সৈতে সংগতি ৰাখি জখলাবন্ধা বাছ আস্থানত স্থানীয় বাসিন্দা তথা অঞ্চলৰ লোকসকলক যাতায়তৰ নিয়মাৱলী, দুৰ্ঘটনা প্ৰতিৰোধ আদি বিষয়ে সজাগ সৃষ্টিৰ উদ্দেশ্যৰে এখন সজাগতামূলক সভাৰ আয়োজন কৰা হয়।  পৰৱৰ্তী সময়ত, কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ বাগৰি, বুঢ়াপাহাৰ আৰু ঘোৰাকাটি ৰেঞ্জৰ বনকৰ্মীসকলক বন্যপ্ৰাণী সুৰক্ষাৰ কাৰ্য্যত সহায় কৰিবলৈ ফিল্টাৰ, টৰ্চ, লাইফ জেকেট আদি আৱশ্যকীয় সামগ্ৰী বিতৰণ কৰা হয়।   ইয়াৰোপৰি, দুৰ্ঘটনা প্ৰৱণ অঞ্চল কুঠৰী তিনিআলিতো এক সজাগতামূলক সভা অনুষ্ঠিত কৰি পথৰ সুৰক্ষা, গতি নিয়ন্ত্ৰণ, আৰু সতৰ্কতা অৱলম্বনৰ ওপৰত গুৰুত্ব দিয়া হয়। এই কাৰ্যসূচীবোৰৰ জৰিয়তে সমাজৰ বিভিন্ন স্তৰৰ লোকৰ মাজত পথ সুৰক্ষাৰ প্ৰতি সচেতনতা  গঢ়ি তুলিবলৈ যত্ন কৰা হয়।