একদিনীয়া শিশুবিবাহ প্ৰতিৰোধ অভিমুখীকৰণ আৰু প্ৰশিক্ষণ কাৰ্যসূচী

  • বাল্যবিবাহৰ বিৰুদ্ধে সজাগতা সৃষ্টি কৰি সমাজৰ সকলো শ্ৰেণীৰ লোককে শিশুবিবাহৰ বিৰুদ্ধে সক্ৰিয়ভাৱে প্ৰশিক্ষণ প্ৰদান কৰাৰ উদ্দেশ্যৰে কলিয়াবৰ সম জিলা প্রশাসন, জিলাৰ শিশু সুৰক্ষা গোট আৰু কোষী লোক মঞ্চৰ যুটীয়া উদ্যোগত ইং ২২ জুলাই ২০২৫ তাৰিখে, কলিয়াবৰ বিধানসভা সমষ্টিৰ গাঁও পঞ্চায়ত সম্পাদক আৰু অন্যান্য অংশীদাৰসকলৰ বাবে "একদিনীয়া শিশুবিবাহ প্ৰতিৰোধ অভিমুখীকৰণ আৰু প্ৰশিক্ষণ কাৰ্যসূচী" আয়োজন কৰা হয়।  আমনি স্থিত সম্প্ৰসাৰণ প্ৰশিক্ষণ কেন্দ্ৰ, জি.বি.এচ. আই. পি. আৰ. ডি. কেন্দ্ৰত আয়োজিত উল্লেখিত প্রশিক্ষণ কাৰ্যসূচীত মুখ্য অতিথিৰূপে উপস্থিত থকা জিলা আয়ুক্ত, শ্ৰীযুত দেৱাশীষ শৰ্মা, ভাঃপ্ৰঃসেঃ মহোদয়ে তেওঁৰ ভাষণত কয় যে, শিশুবিবাহ প্ৰতিৰোধৰ বাবে এনে ধৰণৰ প্ৰশিক্ষণ কাৰ্যসূচী অতি গুৰুত্বপূৰ্ণ। ইয়াৰ জৰিয়তে সমাজৰ বিভিন্ন শ্ৰেণীৰ লোকসকলক শিশুবিবাহৰ বিৰুদ্ধে সজাগ কৰি তোলাৰ লগতে আইনী জ্ঞান, শিশু সুৰক্ষাৰ ব্যৱস্থা আৰু সমাজৰ সক্ৰিয় ভূমিকাৰ বিষয়ে অৱগত কৰোৱা হয়। শিশুবিবাহে শিশুৰ শিক্ষা, স্বাস্থ্য আৰু ভৱিষ্যতক ধ্বংস কৰে। গতিকে, এই বেয়া প্ৰথা ৰোধ কৰিবলৈ সকলোৱে একগোট হৈ কাম কৰাটো অতি প্রয়োজন।   এই প্ৰশিক্ষণে গাওঁ পঞ্চায়তৰ নেতৃস্থানীয় ব্যক্তি, যুৱ সমাজ আৰু স্থানীয় লোকসকলক শিশুবিবাহৰ বিৰুদ্ধে সক্ৰিয়ভাৱে কাম কৰিবলৈ প্ৰেৰিত কৰিব। শিশুৰ সুৰক্ষা আৰু অধিকাৰ নিশ্চিত কৰি এখন উন্নত সমাজ গঢ়ি তুলিবলৈ আমি সকলোৱে আগবঢ়াৰ প্ৰয়োজন ।