Drug-Free Nagaon Campaign: Awareness Program "Nagara Naam" Held at Rupohi

  • সমাজৰ প্ৰতিটো শ্ৰেণীৰ মাজত সজাগতা সৃষ্টি কৰি জিলাখনক নিচামুক্ত জিলা হিচাপে গঢ়ি তোলাৰ লক্ষ্যৰে  সামাজিক ন্যায় আৰু সৱলীকৰণ বিভাগৰ নিচামুক্ত ভাৰত অভিযানৰ অধীনত নগাঁও জিলা প্ৰশাসনৰ উদ্যোগত  নগাঁও জিলা সমাজ কল্যাণ বিষয়াৰ কাৰ্য্যালয় আৰু গ্ৰাম বিকাশ পৰিষদৰ সৌজন্যত ইং ৩ জুলাই, ২০২৫ তাৰিখে, ৰূপহী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ চৌহদত আজি "নাগাৰা নাম"ৰ সজাগতামূলক এক অনুষ্ঠানৰ আয়োজন কৰা হয় ।  অসমৰ জাতীয় সংগীত পৰিবেশনেৰে আৰম্ভ হোৱা এই অনুষ্ঠানত নিচাযুক্ত সামগ্ৰী ড্ৰাগছ সেৱনে কেনেকৈ এখন ঘৰ ধ্বংস আৰু আমাৰ সমাজখনত বিৰূপ প্ৰভাৱ পেলায় তাৰ ওপৰত সজাগতা সৃষ্টিৰ উদ্দেশ্যেৰে ৰূপহী নটসৈনিক নাট্য দলে "বৰবিহ" শীৰ্ষক এখনি নাট প্ৰদৰ্শন কৰে।  অনুষ্ঠানত জিলা আয়ুক্ত, শ্ৰী দেৱাশীষ শৰ্মা, ভাঃপ্ৰঃসেঃ, মহোদয়ে তেওঁৰ ভাষণত সকলোৱে সমন্বয়তাৰে আৰু একাগ্ৰতাৰে যিকোনো পৰিস্থিতি সমাধান কৰিব পাৰি তাক উল্লেখ কৰি কয় যে, আমি যদি দৃঢ় মনেৰে এই ড্ৰাগছ মহাব্যাধিৰ প্ৰসাৰতাৰ বিৰুদ্ধে আগবাঢ়ি আহোঁ তেন্তে তাক আমি  সহজেই নিয়ন্ত্ৰণ কৰিব পাৰিম। আয়ুক্ত গৰাকীয়ে জনপ্ৰিয় গীত " আমি হম, হমেই সফল" গীত পৰিবেশনেৰে এই ড্ৰাগছ সজাগতা সভাত উপস্থিত জনগণক একেলগ হৈ  সজাগ হবলৈ অনুপ্ৰাণিত কৰে । তেখেতে ৰূপহী অঞ্চলটোক সুন্দৰ ড্ৰাগছমুক্ত অঞ্চল হিচাপে গঢ়ি তোলাত সকলোৱে মিলি অগ্ৰণী ভূমিকা গ্ৰহণ কৰিবলৈ আহ্বান জনায়। অনুষ্ঠানত জিলা আৰক্ষী অধীক্ষক শ্ৰী স্বপ্ননীল ডেকা, অঃআঃসেঃ, কলিয়াবৰ সম জিলাৰ সম আৰক্ষী অধীক্ষক শ্রী বিতুল চেতিয়া, আৰু উপ সঞ্চালক দিশা (DISHA) শ্ৰী ইন্দ্ৰ কার্কীযে তেওঁলোকৰ ভাষণত ড্ৰাগছকে ধৰি নিচা জাতীয় ৰাগীয়াল বস্তু সেৱনে আমাৰ উঠি অহা যুৱ প্ৰজন্মক কিদৰে ধ্বংসৰ গৰাহলৈ লৈ গৈছে তাৰ ওপৰত সাৱলীল বক্তব্য আগবঢ়াই।  অনুষ্ঠানৰ শেষত আমন্ত্ৰিত বিশিষ্ট শিল্পী কৰিশ্মা নাথে পৰিবেশন কৰা মহাপুৰুষ শ্ৰী মন্ত শংকৰদেৱৰ অপূৰ্ব সৃষ্টি হৰিনাম আৰু বৰকাঁহ ধ্বনিৰে অনুষ্ঠান মুখৰিত কৰি তোলে। অনুষ্ঠানত অতিৰিক্ত জিলা আয়ুক্ত শ্ৰীমতী দেবাহুতি বৰা,অঃঅঃসেঃ, অতিৰিক্ত আৰক্ষী অধীক্ষক, নগাঁও শ্ৰীমতী য়াংচেন ডুমা ভূটিয়া,ভাঃআঃসেঃ, জিলা যুটীয়া স্বাস্থ্য সেৱা সঞ্চালক ডাঃ তপন শইকীয়া, এইডছ কনট্ৰল চছাইটিৰ নডেল বিষয়া ডাঃ গুলজাৰ  হুছেইন, জিলা সমাজ কল্যান বিষয়া শ্ৰী ভোলানাথ পেগু, ৰূপহী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষ  শ্রী ভবেন কুমাৰ গায়নকে প্ৰমুখ্যে কৰি বিভিন্ন বিভাগৰ মূৰব্বী বিষয়াসকলৰ, মহিলা আৰু শিশু উন্নয়ন বিভাগৰ বিষয়া কৰ্মচাৰীসকল, জিলা মহিলা সৱলীকৰণ কেন্দ্ৰৰ বিষয়াসকল,বিদ্যালয় মহাবিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী সকল আৰু বহুসংখ্যক স্থানীয় ৰাইজ উপস্থিত থাকে।